Assamese Boil Chicken Recipe - healthy recipe
Ingredients
- আধা কেজি মাংস
- দুটা আলু
- চাৰিটা পিয়াজ
- দুটা বিলাহী
- দুই চামুচ চাউল গৰম পানীত তিয়াঁই থব
- আদা আৰু নহৰু
- নিমখ
- জলকীয়া
- পাৰিলে অলপমান কেঁচা মটৰ ল'ব
কেৰাহীত তেল নিদিয়া কৈ মাহপাত এটা দি , তাত পিয়াজখিনি সৰু কৈ কাটি লৈ ৫ মিনিট মান লাৰি থাকক । তাৰ পিছত তাৰ ওপৰত আদা আৰু নহৰু খিনি দি অলপ নিমখ পেলায় দিয়ক । ৫ মিনিট পাছত দেখিব ৰঙা হোৱা আৰম্ভ কৰিছে । এতিয়া তাত বিলাহী কেইটা সৰু কৈ কাটি তাৰ লগত দুটামান ইলাইচি পেলায় দিয়ক । গোটেই বস্তু খিনি ১০-১৫ মিনিট মান কম জুইত মিহলি কৰি লওঁক। যদি বস্তুখিনি কেৰাহিত লাগি ধৰিছে অলপ পানী দিব পাৰে। এতিয়া দেখিব সুন্দৰ পেষ্ট এটা তৈয়াৰ হৈছে । তাত এতিয়া মাংস আৰু আলু খিনি মিহলি কৰি ১০ মিনিট মান কম জুইত বয়ল হʼব দিয়ক । তাৰ পিছত অলপমান পানী দি হেঁতাৰে লৰাই পুনৰ ১৫ মিনিট মান বয়ল হʼব দিয়াক ।( কম পৰিমানৰ) এতিয়া দেখিব মাংস খিনি অলপ ৰঙা পৰিছে । এতিয়া তাত আঞ্জা বনাব পৰাকৈ পানী মিহলি কৰি জুইত উতলিব দিয়ক । উতলিব ধৰাৰ পাছত গৰম পানীত তিয়াই থোৱা চাউলখিনি গুৰি কৰি আঞ্জাত দি দিয়ক । এতিয়া পুনৰ আঞ্জাখন উতালিব দিয়ক । অলপ পাছত দেখিব আঞ্জাখন গোটমৰা আৰম্ভ হৈছে । এতিয়া আপুনি কেৰাহিটো নমাই থৈ অলপ ঠাণ্ডা হ'ব দিয়ক আৰু পৰিৱেশন কৰক।
FAQs on Assamese Boil Chicken Recipe
Is Boil Chicken healthy ?
Yes, Boil Chicken is healthy for fintess. It's a oil free food.
Is Boil Chicken tasty ?
Yes, Boil chicken is very vey tasty.
Assamese Boil Chicken Recipe - healthy recipe |